নগাঁওঃ ড্ৰাগছ অথবা নাৰী দেহ চক্ৰত নহয়, এইবাৰ আনন্দ মিশ্ৰ বাহিনীয়ে অভিযান চলালে গৰুৰ হাড় আৰু ম’হৰ শিং জমা ৰখা গুদামত।

এক গোপন খবৰৰ ভিত্তিত দেওবাৰে নিশা নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাঙে শিয়ালমাৰি এটা গুদামত অভিযান চলায়। আৰক্ষীয়ে চলোৱা অভিযানত গুদামটোত বৃহৎ পৰিমাণৰ গৰুৰ হাড় আৰু ম’হৰ শিং উদ্ধাৰ কৰে।

ইয়াৰ উপৰিও আৰক্ষীয়ে এখন ট্ৰাকত প্ৰায় ১০ টন গৰুৰ হাড় আৰু ম’হৰ শিং উত্তৰ প্ৰদেশলৈ সৰবৰাহ কৰাৰ সময়তেই জব্দ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়কঃসাত বছৰে পুত্ৰৰ অপেক্ষাত চকুলো টুকিছে পিতৃ-মাতৃয়ে

আৰক্ষীয়ে গুদামটোৰ স্বতাধিকাৰী হাজিফ জাফৰৰ লগতে আদিল আৰু তানজিম নামৰ দুই ট্ৰাক চালককো আটক কৰে।

গৰুৰ হাড় আৰু ম’হৰ শিঙেৰে উত্তৰ প্ৰদেশত সাৰ প্ৰস্তুত কৰা হয় বুলি আৰক্ষীৰ আগত মন্তব্য কৰে গুদামৰ স্বতাধিকাৰী হাফিজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply