নগাঁওঃ ৰাজ্যত পুনৰ বাল্যবিবাহৰ ঘটনা সংঘটিত হৈছে।
নগাঁৱৰ ধিঙৰ শালকাটিত বৃহস্পতিবাৰে নিশা অনুষ্ঠিত হৈছিল এখন বাল্যবিবাহ।
গোপন সূত্ৰৰ খবৰৰ ভিত্তিত এই খবৰ লাভ কৰাৰ মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী- চাইল্ডলাইনৰ লোক।
লগতে পঢ়কঃছয়গাঁৱত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন
জানিব পৰা মতে, ছাত্ৰী গৰাকীক শ্বৰিফুল হক নামৰ এজন যুৱকে দালাল চক্ৰৰ সহযোগত বিবাহৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল।
আৰক্ষী-চাইল্ডলাইনৰ লোক উপস্থিত হোৱাত পলায়ন কৰে দালাল চক্ৰ।
ঘটনা সন্দৰ্ভত দৰা-কইনাৰ অভিভাৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত কৰিছে আৰক্ষীয়ে।