নগাঁওঃ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা। চিকিৎসালয়ৰ পৰা অন্তৰ্ধান হ’ল দুটি শিশু। ইয়াৰে এটি কণমানি শিশু আঠ হাজাৰ টকাত বিক্ৰী কৰা বুলি চাঞ্চল্যকৰ মন্তব্য প্ৰকাশ কৰিছে কৰ্তব্যৰত নাৰ্ছে৷
শালনাৰ গণেশ তাঁতি নামৰ মহিলাগৰাকীক কাষতে চিকিৎসাধীন হৈ থকা আন এজন ৰোগীয়ে বিক্ৰী কৰিছিল কণমানি শিশুটিক।
জানিব পৰা মতে, চিকিৎসালয়খনত অগ্নিদগ্ধ হৈ শল্য চিকিৎসা বিভাগত ভৰ্তি হৈ আছিল এগৰাকী মহিলা৷ অগ্নিদগ্ধ মহিলাগৰাকীৰ লগত আছিল দুটিকৈ কণমানি৷ কিন্তু দুদিন পূৰ্বে চিকিৎসালয়খনৰ পৰা সন্ধানহীন হয় মহিলাগৰাকীৰ লগত অহা দুই সন্তান। সোমবাৰে নিশা চিকিৎসালয়খনত মৃত্যু ঘটে মহিলাগৰাকীৰ। মহিলাগৰাকীৰ মৃত্যুৰ পিছতে দুই শিশু অন্তৰ্ধান হোৱাকলৈ চাঞ্চল্যৰ সৃষ্টি হয়৷
বৰ্তমানলৈকে মহিলাগৰাকীৰ মৃতদেহ চমজি ল’বলৈ অহা নাই পৰিয়ালৰ লোক। আনকি মহিলা গৰাকীক চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ সময়ত দিয়া ঠিকনাও আছিল ভুৱা৷ এই ঘটনাক লৈ চিকিৎসালয়খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।