নগাঁওঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক নেচনেল হেৰল্ড গোচৰত এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্ট চমুকৈ ই ডি য়ে জেৰা কৰাৰ বিৰুদ্ধে বৰ্তমানেও ৰাজ্যত কংগ্ৰেছী নেতা কৰ্মীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। শুকুৰবাৰে নগাঁৱৰ ৰাজীৱ ভৱনৰ পৰা ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা আৰু জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাৰ নেতৃত্বত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ অভিমুখে শতাধিক কংগ্ৰেছৰ নেতা কৰ্মীয়ে উলিয়াই এক প্ৰতিবাদী সমদল।

লগতে পঢ়কঃকাজিৰঙাক খীৰতী গাই সজোৱা আমোলা, এন. জি. অ’ক তদন্তৰ আওতালৈ অনাৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ

পিছে আৰক্ষীয়ে কংগ্ৰেছী প্ৰতিবাদকাৰীক নগাঁও ৰাজীৱ ভৱনত বাধা প্ৰদান কৰি আৱদ্ধ কৰি ৰাখে। যাক লৈ ক্ষুব্ধ হৈ পৰে কংগ্ৰেছী নেতা কৰ্মী সকল। বিজেপি গ’ বেক, নৰেন্দ্ৰ মোদী মুর্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তুলে পৰিৱেশ। ‘ৰাহুল গান্ধীক বিজেপি চৰকাৰে মিছা গোচৰত ইডিৰ জেৰাৰ সন্মুখীন কৰাইছে’, ‘কংগ্ৰেছৰ গণতান্ত্রিক প্ৰতিবাদক আৰক্ষীয়ে বাধা প্ৰদান কৰিছে’, ‘বিজেপিয়ে গণতন্ত্ৰৰ হত্যা কৰিছে’ আদি বিভিন্ন মন্তব্যৰে বিধায়ক নুৰুল হুদাই সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ উজাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply