নগাঁওঃ নগাঁও জিলাত ক’ভিডে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ জিলাখনৰ নগৰ -চহৰ, গাঁৱে-ভূঞে এতিয়া কেৱল ক’ভিডৰ বিভীষিকা ৷

দেওবাৰে নগাঁও চহৰৰ ভূঞাপট্টি নিবাসী তথা নগাঁও জিলা পুথিভঁৰালৰ অৱসৰপ্ৰাপ্ত লাইব্ৰেৰীয়ান হেমকান্ত ভূঞা (৯০)ৰ কভিড-১৯ আক্ৰান্ত হৈ মৃত্যু হয়।

মৃত ভূঞাৰ ভাতৃ আৰু ভাই -বোৱাৰী কভিডতে আক্ৰান্ত হৈ ঘৰতেই চিকিৎসা সেৱা গ্ৰহণ কৰি আছে।

ইপিনে, শনিবাৰে নিশা ক’ভিডত আক্ৰান্ত হৈ নগাঁও চহৰৰে লাওঁখোৱা ৰোডৰ গান্ধী নগৰৰ লালবাবু সিং (৭২) নামৰ এজন লোকৰ মৃত্যু হয় ৷

জানিব পৰা মতে,শনিবাৰে পুৱাৰ ভাগত তেওঁৰ লগতে পত্নী অসুস্থ হোৱাত ক’ভিড টেষ্ট কৰোৱাত দুয়োৰে ৰিপৰ্ট ক’ভিড পজিটিভ আহে ৷

পত্নীৰ বেছি অসুস্থ হৈ পৰাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। লগতে লালবাবু সিঙক ঘৰতে ৰখাৰ ব্যৱস্থা কৰে ৷

নিশা ১১ মান বজাত সিং বেছি অসুস্থ হোৱাত পুনৰ নগাঁও ভোগেশ্বৰী ফুকনণী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

চিকিৎসালয়ত কিছু সময় থকাৰ পিছতেই সিঙৰ মৃত্যু হয় ৷

উল্লেখ্য যে,তেওঁৰ পুত্ৰ আৰু পত্নীও ক’ভিডত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছে ৷
উল্লেখ্য যে,ক’ভিডৰ দ্বিতীয় লহৰত আক্ৰান্ত হৈ নগাঁৱত এতিয়ালৈকে ৭ জনৰ মৃত্যু হৈছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,278 other subscribers

Leave a comment

Leave a Reply