নগাওঁঃ নগাঁৱৰ কচুৱাৰ মেনগাঁৱত অঘটন। বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু হয় এজন যুৱকৰ।
মৃত যুৱকজনৰ নাম ছফিকুল ইছলাম(৩০)।
বিদ্যুৎবিভাগৰ গাফিলতিৰ ফলতে যুৱকজনৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে প্ৰকাশ কৰে।
আৰু পঢ়কঃজুৰীয়াত ভূমি-কেন্দ্ৰিক সংঘাতত আহত দুই পৰিয়ালৰ ৯ জনকৈ লোক
মঙলবাৰে অহা ধুমুহাত বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পথৰ ওপৰতে পৰি আছিল।
সেই তাঁৰত ভৰি লাগি বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু হয় ছফিকুল ইছলামৰ।
স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক ধুমুহাত তাঁৰ ছিঙাৰ খবৰ দিয়াৰ পাছতো কোনো গুৰুত্ব দিয়া নাছিল বিদ্যুৎ বিভাগে ফলত এনে ধৰণৰ ঘটনা সংঘটিত হ’বলৈ পালে।