নিউজ ডেস্কঃ নগাঁৱত উদ্ধাৰ হৈছে এটি ক্ষত-বিক্ষত মৃতদেহ। জিলাখনৰ নেহেৰুবালিত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে যুৱকজনৰ নাম চেন্টু পাঠক বুলি জনাইছে।

জানিব পৰা মতে, দেওবাৰে নিশা চেন্টু পাঠকৰ বন্ধুৱে ফোন কৰি মাতি নিছিল । আৰু তাৰপাছৰে পৰা সন্ধানহীন হৈ আছিল চেন্টু নামৰ যুৱকজনক।

উল্লেখ্য যে, ৰয় ড্ৰাগছ ডিষ্ট্ৰিবিউটাৰত কৰ্মৰত আছিল চেন্টু। ইফালে, আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply