নগাঁওঃ নগাঁৱত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই নগাঁও আৰক্ষীয়ে নগাঁও জিলাৰ চামগুৰিৰ ৰঙগড়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

ইম্ফলৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন ছুইফট ডিজায়াৰ বাহনত তালাচী চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আটক কৰিবলৈ সক্ষম হয়। জব্দকৃত নিচাযুক্ত টেবলেটখিনিৰ বজাৰ মূল্য ৫ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

ধৃত দুই সৰবৰাহকাৰী মণিপুৰৰ ইম্ফলৰ আৰিচ খান আৰু ছৰিচ খান বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে অভিযান অব্যাহত ৰাখিছে।

লগতে পঢ়কঃবোকাখাতত অঘটন, ৰাষ্ট্ৰপতিৰ কনভয়ৰ খুন্দাত পথচাৰীৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply