নগাঁওঃ বানৰ মাজতে নগাঁও চহৰত এইবাৰ বন্যহস্তীৰ উপদ্ৰৱ৷ পুৱতি নিশা নগাঁও জিলা উপায়ুক্ত চৰকাৰী আৱাসৰ চৌহদৰ দেৱাল ভাঙিলে বন্যহস্তীয়ে৷ বন্যহস্তীয়ে ক্ষতিসাধন কৰিলে বেঙ্গলী বয়জ হাইস্কুলৰ প্ৰৱেশ দ্বাৰ।
লগতে পঢ়কঃসোণাৰিত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণত অনিয়ম
নগাঁও বন বিভাগে পুৱতি নিশা সন্ত্ৰাস চলোৱা বন্যহস্তীটো বিচাৰি চলাই অভিযান৷ এডিপি কলেজৰ ওচৰত হাতীটোৰ মুক্তবিচৰণৰ দৃশ্য বন্দী হৈছে কেমেৰাত। লাওখোৱা অভয়াৰণ্যৰ পৰা হাতীটো ওলাই অহাৰ সন্দেহ কৰিছে বনবিভাগে।বন্যহস্তীৰ বিচৰণে এতিয়া আতংকিত কৰিছে সমগ্ৰ ৰাইজক।