নিউজ ডেস্কঃ ৰাজ্যত পুনৰ বনৰীয়া হাতীৰ মৃত্যু। সোমবাৰে নগাঁৱৰ জখলাবন্ধাত খেতিপথাৰত সংযোগ কৰা বৈদ্যুতিক তাঁৰত লাগি এটা বনৰীয়া হাতীৰ মৃত্যু হয়। জখলাবন্ধাৰ বানেশ্বৰ বন শিবিৰত সংঘটিত হয় এই ঘটনা।

পিছে স্থানীয় লোকে বনৰীয়া হাতীটো আন কাৰণত মৃত্যু হোৱা বুলি সন্দেহ কৰিছে। ঘটনাস্থলীত বন বিভাগৰ লোকসকল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পিছতহে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

উল্লেখ্য যে, এই মাহৰ আৰম্ভণিতে গোসাইগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ আন এটা বনৰীয়া হাতীৰ মৃত্যু হৈছিল।

শেহতীয়াকৈ অসমত বহুকেইটা বনৰীয়া হাতীৰ মৃত্যু হোৱা দেখা গৈছে। ইফালে ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। ইয়াৰ প্ৰধান কাৰণ হৈছে বনাঞ্চল ধ্বংস আৰু ভূমি বেদখল।

মানুহে অবৈধভাৱে বনাঞ্চল ধ্বংস কৰাৰ ফলত খাদ্যৰ সন্ধানত জনাঞ্চলৰ পৰা বনাঞ্চললৈ আহে গজৰাজ। যাৰ ফলত সংঘটিত হয় হাতী-মানুহৰ সংঘাত। এই বিষয়টোৱে অসমত এক ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিছে।

এক প্ৰতিবেদন অনুসৰি, ৭-১৪ অক্টোবৰৰ ভিতৰত অসমত ১১ টা বনৰীয়া হাতীৰ মৃত্যু হৈছে। ৯ অক্টোবৰত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত এটা মাইকী হাতী আৰু এটা পোৱালীৰ মৃত্যু হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply