বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰৰ শিলফটাত কৰুণ মৃত্যুক সাৱতি ল’লে এটি হাতী পোৱালিয়ে৷ সোমবাৰে পুৱা হাতীৰ চিঞৰ শুনি শিলফটাৰ ৰাইজ ওলাই আহি হাতী পোৱালীটো প্ৰত্যক্ষ কৰে ৷ স্থানীয় লোকৰ মতে পুৱা হাতী পোৱালীটো জীৱিত অৱস্থাত আছিল যদিও কিছু সময়ৰ পিছত মৃত্যু হয়।
হাতী পোৱালিটো জীৱিত অৱস্থাত থকাৰ সময়ত বন বিভাগক ৰাইজে খবৰ দিছিল যদিও বন বিভাগৰ লোক সময়ত নহাত পোৱালিটোৰ মৃত্যু হয় ৷
লগতে পঢ়কঃঅসম জাতীয় বিদ্যালয়ৰ দুজন শিক্ষক ক’ভিডত আক্রান্ত
জানিব পৰা মতে, কাৰ্বিআংলঙৰ পাহাৰৰ পৰা দেওবাৰে নিশা হাতীৰ এটা জাক নামি আহিছিল ৷ হাতীৰ জাকৰ মাজত হোৱা সংঘৰ্ষত আঘাতপ্ৰাপ্ত হৈ হাতী পোৱালিটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ৷
শিলফটাত এইবাৰ পথাৰৰ ধান চপোৱাৰ পিছত পাহাৰৰ পৰা হাতীৰ জাক ভৈয়ামলৈ নামি আহিছে ৷ যোৱা চাৰি দিন ধৰি প্ৰতি নিশা হাতীৰ জাক আহে শিলফটালৈ ৷
ইয়াৰ মাজতে এই অঘটনৰ ঘটনা পোহৰলৈ আহে ৷ মৃত হাতী পোৱালীটোৰ সন্মুখত স্থানীয় ৰাইজে পূজা অৰ্চনা কৰে ৷ হাতী পোৱালীটোৰ মৃত্যুত ৰাইজ ম্ৰিয়মান হৈ পৰিছে ৷