কঠিয়াতলীঃ নগাঁৱৰ কঠিয়াতলীত বন্যহস্তীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা বৃহৎ হাতীৰ জাকে বিগত কিছুদিন ধৰি আতংকৰ সৃষ্টি কৰিছে। এই বৃহৎ বন্যহস্তীৰ জাকটোক খেদি পঠিয়াবলৈ ৰাইজে দাবী উত্থাপন কৰি আহিছে।
বন্যহস্তীৰ জাকটোক খেদিবলৈ স্থানীয় ৰাইজেও বন বিভাগক বিভিন্ন ধৰণে সহায় কৰিছে। কিন্তু এই বৃহৎ বন্যহস্তীৰ জাকটোক খেদিবলৈ বন বিভাগ এতিয়াও সক্ষম হোৱা নাই।
নগাঁও কঠিয়াতলী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মীৰ হাতত নাই পৰ্যাপ্ত গুলী যাৰ বাবে হাতী খেদিবলৈ গৈ আধাতে ঘূৰি আহিবলগীয়া হৈছে বনকৰ্মী।
এই ঘটনাই এতিয়া সমগ্ৰ নগাঁৱতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঢাল-তৰোৱাল অবিহনে যুঁজলৈ যোৱাৰ দৰেই বন কৰ্মীয়ে পৰ্যাপ্ত গুলী আৰু অন্যান্য সামগ্ৰী অবিহনে হাতী খেদিবলৈ গৈ আধাতে এৰি আহিবলগীয়া হয়।
বন বিভাগৰ সঠিক পৰিকল্পনা আৰু সদিচ্ছা নথকাৰ বাবেই বৰ্তমানেও চেষ্টা কৰিও নগাঁৱৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি থকা বৃহৎ হাতীৰ জাকটো খেদি পঠিওৱাত ব্যৰ্থ হ’ল বন বিভাগ।
হাতী-মানুহৰ এই সংঘাতৰ মাজতেই পথাৰত বন্যহস্তীৰ বৃহৎ দলটোৱে তাণ্ডৱলীলা অব্যাহত ৰাখিছে।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি নগাঁৱৰ বঢ়মপুৰ, কন্দলী,বালিজুৰি, বামুণী আদি অঞ্চলত বন্যহস্তীৰ জাকটোৱে বিচৰণ কৰি বিস্তৰ ক্ষতি সাধন কৰি আহিছে।