কেচুঁ খান্দোতে সাপ! নগাঁও জিলাত তাকেই ঘটিল। এটা ডকাইতি ঘটনাৰ অনুসন্ধানত যোৱা আৰক্ষীৰ দল এটিয়ে ঘটনাক্ৰমে, চকু কপালত উঠা অপৰাধী চক্ৰ এটাৰ কথা পোহৰলৈ আনে।
এই চক্ৰটো জড়িত হৈ আছে হাজাৰ হাজাৰ ভুৱা প্ৰমাণপত্ৰ তৈয়াৰ কৰাত। স্কুল, কলেজ, বিশ্ববিদ্যালয়, আনকি খাজনা, জমাবন্দী, জন্ম বা মৃত্যু প্ৰমান পত্ৰ, যি ভুৱা প্ৰমাণ পত্ৰ লাগে তাকে ইহঁতে বনাই দিয়ে।
নগাঁও চহৰৰ মধুপুৰত বুধবাৰে মাজনিশা আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই উদ্ধাৰ কৰিছে দ’মে দ’মে ভুৱা প্ৰমাণপত্ৰ। গুৱাহাটী বিশ্ববিদ্যালয়, উচ্চত্বৰ মাধ্যমিক শিক্ষা সংসদ, ছেবা, অনুসূচিত জাতি, ভূমিৰ পঞ্জীয়ণ, চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰমাণপত্ৰ, জন্ম-মৃত্যুৰ প্ৰমাণপত্ৰৰ লগতে নগাঁৱৰ কেইবাখনো হাইস্কুল আৰু হায়াৰছেকণ্ডেৰী স্কুলৰ প্ৰমাণ পত্ৰ উদ্ধাৰ হৈছে এই অভিযানত। প্ৰমান পত্ৰ সমূহৰ লগতে বিভিন্ন অনুষ্ঠানৰ ছীল উদ্ধাৰ হৈছে ।১০-১২ হাজাৰ বিভিন্ন ভুৱা প্ৰমাণপত্ৰ এতিয়ালৈ উদ্ধাৰ কৰিছে।
নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক(সদৰ) ত্ৰিদিৱ কুমবাঙৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে মধুপুৰৰ মকবুল হুছেইন নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে এই ভুৱা প্ৰমাণপত্ৰ সমূহ। জানিবপৰামতে, আব্দুল খালেক আৰু মকবুল হুছেইনে দীৰ্ঘদিন ধৰি জালিয়াতিৰে বিভিন্ন লোকক ভুৱা প্ৰমাণপত্ৰ যোগান ধৰি আহিছিল।
আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি বহু চৰকাৰী বিষয়া আৰু বহু স্কুলৰ প্ৰধানশিক্ষক এই চক্ৰটোৰ সৈতে জড়িত। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভূক্তিৰ বাবেও এই চক্ৰটোৱে ভুৱা নথিপত্ৰ যোগান ধৰি আহিছিল।
লগতে পঢ়ক- ”দাঁত অহা নাই, খাবলৈ বৰ অসুবিধা হৈছে”, প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীলৈ দুই শিশুৰ পত্ৰ
ইতিমধ্যে আৰক্ষীয়ে মকবুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে যদিও আব্দুল খালেকে আৰক্ষীৰ দল উপস্থিত হোৱাৰ লগে লগেই পলায়ণ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত তদন্ত চলাই আছে।