নগাঁওঃ নগাঁৱত আটক কৰা হৈছে নকল টকা সৰবৰাহকাৰীক। জানিব পৰা মতে, নকল টকা কঢ়িয়াই নিয়া বাহনখনে আৰক্ষীৰ বাহনক খুন্দিয়াই পলায়নৰ চেষ্টা চলায়। কিন্তু আৰক্ষীয়ে দুগৰাকী যুৱতীসহ ৫জনক আটক কৰিছে।

ইফালে, নকল টকা সৰবৰাহকাৰীৰ বাহনৰ খুন্দাত বেয়াকৈ ক্ষতিগ্ৰস্ত হয় আৰক্ষীৰ AS02-T-6542 নম্বৰৰ বাহন খন। হোজাই জিলাৰ পৰা মেঘালয় অভিমুখে ৫.৩০ লাখ টকা নকল নোট সৰবৰাহ কৰোঁতেই আৰক্ষীয়ে আটক কৰিছে নকল টকা সৰবৰাহকাৰী কেইজনক।

ইতিমধ্যে আৰক্ষীয়ে ML-05-U-9020 নম্বৰৰ বাহন খনো জব্দ কৰিছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে নকল টকা সৰবৰাহকাৰী কেইজনক সোধ-পোছ অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply