নগাঁওঃ নগাঁৱৰ কাৱৈমাৰীত ভয়ংকৰ ঘটনা। নিশা ৰাজপথতে জ্বলি উঠিল এম্বুলেঞ্চ। কথমপি প্ৰাণ ৰক্ষা পৰিল ৰোগী আৰু চালকৰ। জ্বলি উঠা এম্বুলেঞ্চখনৰ নম্বৰ AS01 JC7220। নগাঁও চহৰলৈ ৰোগী লৈ আহি থকা অৱস্থাত কাৱৈমাৰী পেট্ৰ’ল ডিপো সমুখত সংঘটিত হয় এই ঘটনা।অগ্নিকাণ্ডৰ ফলত এম্বুলেঞ্চখন সম্পূৰ্ণভাৱে অগ্নিদগ্ধ হয়।
এম্বুলেন্সখনত থকা ৰোগীৰ আত্মীয় জেছমিনা খাটুনে কয়, ‘সন্ধিয়া ৫.৩০ বজাত জন্ম হোৱা নৱজাতকটিৰ অৱস্থা গুৰুতৰ হোৱাত 108 এম্বুলেন্সযোগে নগাঁঁও হস্পিতাললৈ লৈ যোৱা হৈছিল। শিশুটিক অক্সিজেন সংযোগ কৰাৰ পাছতেই এম্বুলেন্সখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।’
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কয়, ‘অগ্নিকাণ্ডত কোনো লোকৰ ক্ষয়-ক্ষতি হোৱা নাই। অৱশ্যে গোটেই এম্বুলেন্সখন জ্বলি ভস্মীভূত হৈছে।’ অৱশ্যে স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰা হয় এম্বুলেঞ্চখনৰ। যান্ত্ৰিক বিজুতিৰ ফলতে এম্বুলেন্সখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।