নগাঁও : নগাঁৱৰ এঘাৰমাইলত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত নিমিষতে ছাই হয় সাতখনকৈ দোকান৷ বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ৷
ভয়ংকৰ অগ্নিকাণ্ডত সাতখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মিভূত হয়৷ ভস্মীভূত হোৱা দোকান সমূহৰ ভিতৰত আছিল টিম্বাৰ ডিপু, গেলামালৰ দোকান, কাপোৰৰ দোকান, ফাৰ্মাচী, হাৰ্ডৱেৰ, কচমেট্ৰিকৰ দোকান৷ অগ্নিকাণ্ডত প্ৰায় কোটি টকাৰ সামগ্ৰী জুইত জাহ যোৱা বুলি একাংশ স্থানীয় ৰাইজে জানিবলৈ দিয়ে।
স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীৰ সাতখনকৈ গাড়ীয়ে জুই নিৰ্বাপন কৰে। জুই ইমানেই ভয়ংকৰ আছিল যে অগ্নি নিৰ্বাপক বাহিনীয়ে চাৰিঘন্টা চেষ্টা চলাই জুই নিৰ্বাপন কৰিব সক্ষম হয়৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ উপস্থিত হোৱাত এক উত্তেজনাময় পৰিৱেশৰো সৃষ্টি হয়৷