নগাঁও: ৰাজপথত ছাত্ৰ এজনক গুলীয়াই ড্ৰাগছৰ সৈতে জড়িত কৰিব বিচৰা নগাঁও আৰক্ষীৰ বিৰুদ্ধে সৰব এতিয়া নগাঁওবাসী। অতদিনে ড্ৰাগছৰ বিৰুদ্ধে চলাই থকা অভিযানক ৰাইজে সমৰ্থন জনোৱা ৰাইজেই এতিয়া আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে। আজি নগাঁৱত উপস্থিত হৈ অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান জি পি সিঙে শনিবাৰে সংঘটিত ছাত্ৰ নেতালৈ গুলীবৰ্ষণ কাণ্ডৰ তদন্ত আৰম্ভ কৰে। নগাঁও সদৰ থানাত অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বনিয়াক ঘটনা সন্দৰ্ভত সোধ-পোছা কৰে জি পি সিঙে।
ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত আয়োজিত সংবাদমেলত এই ঘটনাৰে নাম সাঙোৰ খাই পৰা আটাইকেইজন আৰক্ষী বিষয়াক ৭ দিনৰ বাবে ৰিজাৰ্ভ ক্লজ কৰাৰ কথা ঘোষণা কৰিছে।
নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক গুলিওৱাৰ বিৰুদ্ধে দেওবাৰে সমগ্ৰ দিনটোৱে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে বিভিন্ন দল-সংগঠনে।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো এই ঘটনাক তীব্ৰ সমালোচনা কৰি ঘটনাৰে জড়িত আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ শাস্তি গ্ৰহণ কৰিবলৈ দাবী জনায়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ জৰিয়তে সমগ্ৰ ঘটনাৰ তদন্তৰো নিৰ্দেশ দিছে। অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে ৭ দিনৰ ভিতৰত ঘটনা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে- নিৰীহ লোকৰ ওপৰত আক্ৰমণ চলোৱা ঘটনা প্ৰমাণিত হ’লে আৰক্ষীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব তেঁওৰ চৰকাৰে।
বিশেষ সঞ্চালক প্রধান জি পি সিঙে সোধা পোছা কৰাৰ পিছত অভিযুক্ত আৰক্ষী প্ৰদীপ বনিয়াও এক গোচৰ ৰুজু কৰিছে। এনকাউন্ট লৈ সমৰ্থন কৰি থকা সকলেও এতিয়া আৰক্ষীৰ ভুমিকাক লৈ অতিষ্ঠ হৈ পৰিছে। বিশেষকৈ এন্টি নাৰ্কটিক স্কোৱাদৰ ১০/১২জনীয়া দলটোৱে যোৱা সময়ত সৰ্বসাধাৰন লোকক দুব্যবহাৰ কৰাৰ অভিযোগ ৰাইজৰ মুখে মুখে। কালি নিশাৰ ঘটনাই জিলাখনৰ আৰক্ষীৰ আচল ৰূপটো পোহৰলৈ অহাত এতিয়া সকলো উঠি পৰি লাগিছে বিষয়টোৰ আন ৰূপ দিবলৈ।
নগাঁও ঘটনাৰ সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, অসমত পুলিচী সন্ত্ৰাসবাদ বন্ধ হ’ব লাগিব। মুখ্যমন্ত্ৰীৰ অত্যাচাৰী ৰাজত্বৰ প্ৰতিফলন নগাঁৱৰ এনকাউণ্টাৰ বুলি ঘটনাক লৈ এই প্ৰতিক্ৰিয়া আছুৰ উপদেষ্টাৰ ।
লগতে পঢ়ক- চৰাইদেউ জিলাৰ বৰহাটৰ প্ৰবীণ খেলুৱৈ ঘণপ্ৰভা গগৈৰ প্ৰতি সুদৃষ্টি পৰিবনে ৰজাঘৰৰ