নগাঁও: আৰক্ষীৰ সৈতে জনসাধাৰনৰ সম্পৰ্ক উন্নত কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে চেষ্টা চলাবৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়াৰ বিপৰীতে আৰক্ষীয়ে নিজৰ দোষ ঢ়াকিবৰ বাবে জনতাৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰাৰ অভিযোগ উঠিছে।
শনিবাৰে নগাঁৱত এণ্টি নাৰ্কটিক স্কোৱাডৰ দলৰ এছ আই প্ৰদীপ বণিয়াই ছাত্ৰ কীৰ্তি কমল বৰাক ভৰিত গুলীয়াই আহত কৰাৰ পিছতে সমগ্ৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত নগাওঁ চহৰত মহাবিদ্যালয়খনৰ ছাত্ৰই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পথ অৱৰোধৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰে। ইয়াৰোপৰি নগাওঁ আছুৱেও আনন্দ মিশ্ৰ বাহিনীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।
প্ৰতিবাদকাৰীসকলে অভিযুক্ত এছ আই প্ৰদীপ বণিয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে আনন্দ মিশ্ৰৰ নিলম্বনৰ দাবী উত্থাপন কৰিছে।
এই ঘটনাৰ পিছত পুলিচ পাব্লিক সম্পৰ্ক উন্নত কৰাটো বাদেই পুলিচৰ ভুমিকাই জনতাক আগতকৈও বহু দুৰলৈ আতৰাই নিছে। ড্ৰাগছৰ বিৰুদ্ধে অভিযানৰ সময়ত ৰাইজে সহযোগ কৰিছিল যাৰ বাবে বহু ঘটনা পোহৰলৈ আহিছিল। যাৰ সুবাদত এচাম আৰক্ষীয়ে গুৰু গোঁসাই নমনা হৈ পৰিছিল।
বিশেষকৈ এনকাউন্টাৰৰ ঘটনা দিনক দিনে বৃদ্ধি পোৱাৰ ফলত ৰাইজৰ আৰক্ষীৰ ওপৰত সন্দেহ বাঢ়িছিল। মুখ্যমন্ত্ৰীয়ে ৰাজ্যত ক্ৰাইম নিয়ন্ত্ৰন কৰিবলৈ আৰক্ষীক সুবিধা দিছিল যদিও এই আৰক্ষীৰ নিজৰ চৰিত্ৰ প্ৰকাশ পাবলৈ বহু সময় নালাগিল। নগাঁও জিলাত ১১টাকৈ এনকাউন্টাৰ কৰাৰ পিছতো ড্ৰাগছ নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো বিভাগটোৰ ব্যৰ্থতা।
নগাওঁ সদৰ থানাত বিতৰ্কিত এছ আই প্ৰদীপ বণিয়াৰ এজাহাৰৰ ভিত্তিত কীৰ্তি কমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/৩২৫/৩৫৩/৩০৭/ আৰু R/W Sec ২১ (এ) ২৯ এন ডি পি এছ আইনৰ অধীনত ১৩০/২২ নম্বৰত গোচৰ ৰুজু কৰা হৈছে। ইফালে বিতৰ্কিত এছ আই প্ৰদীপ বণিয়াৰ বিৰুদ্ধেও কীৰ্তি কমলৰ পৰিয়ালে সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।
লগতে পঢ়ক-লখিমপুৰ জিলাৰ পাঁচ সমষ্টিত ৪ বিজেপি প্ৰাৰ্থী, ১ অগপ প্ৰাৰ্থীৰ জয়
ৰাজ্যজুৰি আজিও তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে নগাওঁ কাণ্ডৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত এক তদন্ত কমিটী গঠন কৰি দিছে। এই এজনীয়া তদন্ত কমিটীখনে ৭ দিনৰ ভিতৰত সমগ্ৰ ঘটনাৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।