নগাঁও : নগাঁৱত উত্তাল প্ৰতিবাদ। প্ৰতিবাদকাৰী মুখত ‘নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ মূর্দাবাদ, আনন্দ মিশ্ৰ গ’ বেক, নগাঁও আৰক্ষী মূর্দাবাদ’। নগাঁওবাসীৰ বাবে ইমানদিনে নায়ক হৈ থকা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৰাতিটোৰ ভিতৰতে খলনায়ক হ’ল। শনিবাৰৰ নিশাৰ এক গুলী চালনাৰ ঘটনাৰ পিছতে আনন্দ মিশ্ৰৰ বিৰূদ্ধে ৰাজপথলৈ ওলাই আহিছে নগাঁওবাসী ৰাইজ।
প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক নগাঁও আৰক্ষীয়ে গুলী চালনা কৰাৰ পিছতে নগাঁৱত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। শনিবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ পিছতে নগাঁৱত আৰক্ষীৰ বিৰুদ্ধে আৰম্ভ হয় প্ৰতিবাদ। দেওবাৰে পুৱাৰ ভাগতো নগাঁৱত বিভিন্ন দল-সংগঠন ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁও মহাবিদ্যালয়ৰ সন্মুখত নগাঁৱৰ ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰি আনন্দ মিশ্ৰ মূর্দাবাদ, আনন্দ মিশ্ৰা গ’ বেক শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদকাৰী ছাত্ৰ সকলে ঘটনাৰ উচিত তদন্ত দাবী কৰি গুলী চালনা কৰা আৰক্ষী প্ৰদীপ বণিয়াৰ গ্ৰেপ্তাৰৰ দাবী জনায়। প্ৰতিবাদকাৰী ছাত্ৰ সকলে এক সমদল উলিয়াই নগাঁও সদৰ থানা ঘেৰাও কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে। শনিবাৰে নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বেহাৰ লগত জড়িত থকাৰ অভিযোগত কীৰ্তি কমল বৰা নামৰ যুৱক এজনক লক্ষ্য কৰি গুলী চালনা কৰিছিল। আৰক্ষীৰ গুলীত আহত যুৱকজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।
উল্লেখ্য যে আৰক্ষীৰ গুলীত আহত হোৱা কীৰ্তি কমল বৰা নামৰ যুৱকজন ড্ৰাগছ আসক্ত আছিল বুলি কালি এন্টি নাৰ্কটিক স্কোৱাডে দাবী কৰিছিল। ইফালে যুৱকজনৰ পৰিয়াল তথা স্থানীয় লোকে যুৱকজনৰ ড্ৰাগছৰ লগত কোনো সম্পৰ্ক নাই বুলি দাবী কৰিছে।
সমগ্ৰ ঘটনাক লৈ ইতিমধ্যেই নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে। গুলী চালনা কৰা আৰক্ষী প্ৰদীপ বণিয়াক ইতিমধ্যে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। ৰাজ্য চৰকাৰে অতিৰিক্ত মুখ্য সচিব পবন বৰঠাকুৰক সাত দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছে। তদন্ত চলা সময়ত অভিযান কাৰী আৰক্ষীকেইজনক ৰিৰ্জাভ ক্ল’জ কৰাৰো নিৰ্দেশ দিছে।
নগাঁও এন্টি নাৰ্কটিক স্কোৱাড বাহিনীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও জিলাখনত ড্ৰাগছ প্ৰচলন কমাব পৰা নাই। এই বাহিনীটোৱে লাভ কৰা ক্ষমতাৰ গইনা লৈ সকলো লোককে দুব্যবহাৰ কৰাৰ অভিযোগ বহু দিনৰে পৰা। দলটোৱে কালি সন্ধিয়া অসামৰিক পোচাকত এজন লোকক মাৰপিট কৰি থকা দেখি ঘৰলৈ ওভটা ছাত্ৰ কীৰ্তি কমল বৰাই সোধাৰ সময়তে উদন্ড প্ৰকৃতিৰ দলটোৰ এজনে ভৰিত গুলীয়াই।
ঘটনাৰ পিছতেই আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই দুটাকৈ পৃথক মন্তব্য কৰি এন্টি নাৰ্কটিক স্কোৱাড বাহিনীটোক সুৰক্ষা দিয়াৰ চেষ্টা চলাই। নিৰ্দোশী যুৱক জনে এন্টি নাৰ্কটিক স্কোৱাড বাহিনীৰ ওপৰতো আক্ৰমন চলাই বুলি মিছা মন্তব্য দিয়াৰ অভিযোগ কৰিছে প্ৰতিবাদী ছাত্ৰসকলে। আৰক্ষী আহত হোৱাৰ কথা প্ৰকাশ কৰা আনন্দ মিশ্ৰই আহত কেইজনক দেখুৱাব পৰা নাই।
লগতে পঢ়ক- এইবাৰ নগাওঁ মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক কৃৰ্তীকমল বৰাক আৰক্ষীয়ে গুলীয়ালে