নগাওঁঃ নগাঁৱৰ চামগুৰি কাঠপাৰাত গুলীচালনাৰ ঘটনা। অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰীক। বেংকৰ পৰা ধন লৈ আহি থকা সময়তে দুৰ্বৃত্তই আক্ৰমণ কৰে লোকজনক। মূৰত গুলী লগাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হুমায়ুন নামৰ ব্যক্তিজন।

লগতে পঢ়কঃছিপাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুলীচালনা কৰিয়ে পলায়ন কৰে দুৰ্বৃত্তৰ দলটো। হুমায়ুনক মুমূৰ্ষ অৱস্থাত নগাঁও অসামৰিক চিকিৎসালত ভৰ্তি ভৰ্তি কৰোৱা হৈছে। দুৰ্বৃত্তৰ দলটোৱে হুমায়ুনৰ লগত থকা ৩ লাখ ২০ হাজাৰ টকাৰ বেগ কাঢ়ি নিয়াৰ চেষ্টা কৰে যদিও বিফল হয়। শূণ্যলৈও কেইবাজাঁই গুলী চলাই পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে। ঘটনা সন্ধৰ্ভত নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply