নগাঁওঃ ৰাজ্য়ত অব্যাহত আছে বন ধ্বংস কাৰ্য। বনাঞ্চল সমূহৰ গছ কাটি তহিলং কৰিছে দুষ্ট চক্ৰই। ইয়াৰ লগে লগে বনাঞ্চলৰ মাটি এতিয়া বেদখলকাৰীৰ কবলত । তথাপিও কাণসাৰ নাই বন বিভাগৰ লগতে চৰকাৰ প্ৰশাসনৰ। নগাঁও জিলাৰো ছয়খনকৈ বনাঞ্চলৰ অস্তিত্ব নাই।

কুৰি বছৰৰ ভিতৰতে ৩৭৪৭ হেক্টৰ বনভূমিত বেদখলকাৰীয়ে বনাঞ্চল ধ্বংস কৰি বসতি স্থাপন কৰিছে। এই বনাঞ্চলত ইতিমধ্যে ১৭খনকৈ গাঁও পাতি এই সকল লোকে ঘৰ সাজি বসবাস কৰি আহিছে ৷ নগাঁও বন সংমণ্ডল বিষয়া কাৰ্যালয়ৰ অধীনৰ কামপুৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ছয়খনকৈ বনাঞ্চলত ৩৭৮৭ হেক্টৰ বনভূমিত দখল কৰি গাঁও সাজি বসবাস কৰা বেদখলকাৰীৰ ক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা নোলোৱাটো ৰহস্য জনক ৷ জিলাখনৰ লুটুমাৰীত ১২৫০ হেক্টৰ , বৰপানীত ২২১৫ হেক্টৰ , মাধবপাৰাত ৩২ হেক্টৰ , ধনশিৰিত ১১০ হেক্টৰ , জুকুতাত ১৩৯ হেক্টৰ , পালখানাত ৪৪ হেক্টৰ বনভূমি চাফা কৰি বেদখলকাৰীয়ে দখল কৰি ৰাজত্ব চলাই আছে৷

লগতে পঢ়কঃঅসমৰ মাটিতে সংস্কাৰ হেৰুৱাৰ উপক্ৰম অসমীয়াৰ!

এসময়ত প্ৰায় ৬৬০০ হেক্টৰ ভূমিৰ বৃহৎ সংৰক্ষিত এলেকাটোত আছিল বিভিন্ন মূল্যবান গছ-গছনি । এই গছ- বনৰ বাবে ৰ’দৰ পোহৰ পৰা নাছিল এই বনাঞ্চল সমূহত ৷

বৰ্তমান ৩৭৮৭ হেক্টৰ ভূমিত কোনো ধৰণৰ গছ বন নাই ৷ দুষ্ট চক্ৰই ৰাতিৰ এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি বহু গছ-গছনি কাটি লৈ যোৱা পৰিলক্ষিত হৈছে । প্ৰকৃত বনাঞ্চলৰ ভূমিৰ পঞ্চাচ শতাংশতকৈ অধিক অংশ বেদখলকাৰীয়ে গাওঁ পাতি বাস কৰি অহাৰ বিপৰীতে বন বিভাগৰ অধীনত থকা বন ভূমিত ত্ৰিশ শতাংশ বনাঞ্চলো নাই ৷ আজিও বন বিভাগৰ অধীনত থকা বনাঞ্চলত দিনে নিশাই বন ধ্বংস চলি আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply