নগাঁওঃ নগাঁৱত দালালৰ দপদপনি। মাটি অথবা অন্য দালাল নহয় এইবাৰ আৱিৰ্ভাৱ ঘটিছে পুৰুষ মহিলা ৰূপী একাংশ জামিনদাৰ দালালৰ। যি সময়ত দালালৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সেই সময়তেই নগাঁৱত পোহৰলৈ আহিছে জামিনদাৰৰ ৰূপত একাংশ দালালৰ দপদপনি।
অভিযোগ অনুসৰি এটা জামিনৰ নামত এওঁলোকে ভুক্তভোগী পৰিয়ালৰ পৰা লয় প্ৰায় ২হাজাৰৰ পৰা ৫হাজাৰ পৰ্যন্ত টকা। এগৰাকী মহিলা জামিনদাৰৰ বিস্ফোৰক স্বীকাৰোক্তি এটা জামিনৰ নামত তেওঁৰ পৰা দালালে লৈছিল ২০০০ টকা।
আনহাতে সাংবাদিক দেখি বহুকেইটা জামিনদাৰে পলায়ন কৰে। নগাঁৱত জামিনৰ নামত চলি থকা দালালৰাজক বন্ধ কৰিবলৈ সক্ষম হ’ব নে নগাঁও জিলা প্ৰশাসন অথবা নগাঁও আৰক্ষী?