নগাঁওঃ নগাঁৱত এইবাৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান অথবা কোনো মাইক্ৰফাইনেন্স নহয়, বহিৰাগত বনিয়ায়ে লুটি নিলে কোটি কোটি টকা।

নগাঁৱৰ মাৰোৱাৰীপত্তিৰ গেলামালৰ ব্যৱসায়ী মনিশ শৰ্মায়ে বৃহস্পতিবাৰে নিশা ব্যৱসায়িক প্ৰতিষ্ঠানত তলা লগাই পৰিয়ালসহ নিশাৰ ভিতৰতে পলায়ন কৰে। ব্যৱসায়ী মনিশ শর্মায়ে বহু ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ব্যৱসায়ৰ বাবে সামগ্ৰী লৈ পিছত ধন পৰিশোধ কৰাৰ কথা কৈ কোটি কোটি টকা লুণ্ঠন কৰি পলায়ন কৰে ।

এই সন্দৰ্ভত এগৰাকী ভুক্তভোগী ব্যৱসায়ী কয়, ‘বহুতৰ পৰা মনিশ শৰ্মাই সামগ্ৰী আনি পইচা আদায় নিদিয়ে।কেৱল নগাঁৱৰে নহয় গুৱাহাটীৰো কেইবাগৰাকীও ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী আনি পইচা আদায় নিদিয়ে মনিশ শৰ্মাই। আনকি বহুলোকৰ পৰা আগতীয়াকৈ ধন সংগ্ৰহ কৰি সামগ্ৰী দিম বুলি কৈ ধন লুন্ঠন কৰা অভিযোগ উত্থাপন হৈছে। ‘

উলেখ্য যে, ইয়াৰ পূৰ্বেও মনিশ শৰ্মাৰ পিতৃ মুৰাৰী লাল শর্মায়ে কোটি কোটি টকা লুণ্ঠন কৰি পলায়ন কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply