নগাঁওঃ সহজতে ঋণ পোৱাৰ আশাত নগাঁৱত সৰ্বশ্ৰান্ত হ’ল বহুজন। ‘মানিকেপ’ নামৰ এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠানে নগাঁৱৰ লক্ষীনগৰত কাৰ্যালয় খুলি বহু আত্মসহায়ক গোটক ঋণ দিয়াৰ প্ৰতিশ্ৰুতিৰে ধন সংগ্ৰহ কৰিছিল। গুৱাহাটীৰ অনুৰাগ ডেকা আৰু নগাঁৱৰ ৰঞ্জিত বড়ি নামৰ দুজন ব্যক্তিয়ে আগষ্ট মাহত নগাঁৱত মুকলি কৰা এই সংস্থাটোৰ বিৰুদ্ধে নগাঁও আৰক্ষীক গোচৰ প্ৰদান কৰিছে প্ৰবঞ্চনাৰ বলি হোৱা লোক সকলে।
আত্মসহায়ক গোট সমূহক ঋণ প্ৰদানৰ বাবে নিয়োগ কৰা হৈছিল বহু এজেণ্ট। বৃহস্পতিবাৰে পুৱাই নগাঁৱৰ কাৰ্যালয়ত তলা ওলোমাই ৰঞ্জিত আৰু অনুৰাগে পলায়ন কৰাৰ পিছতেই এতিয়া সংস্থাটোৰ লগত জড়িত সকলো এজেণ্ট প্ৰবঞ্চনাৰ বলি হৈছে। ‘মানিকেপ’ৰ বিৰুদ্ধে এজেণ্ট সকলে নগাঁও প্ৰেছ ক্লাৱত এক সংবাদমেল অনুস্থিত কৰি এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে নগাঁও আৰক্ষীক অনুৰোধ জনাইছে।