নিউজ ডেস্কঃ নগাঁৱৰ ডুমডুমীয়া বজাৰত অবৈধ বিলাতী সুৰাসহ এজনক আটক। দীৰ্ঘদিন ধৰি অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।
বটদ্ৰৱা থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সম্প্ৰীতি হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ দলে শনিবাৰে নিশা গোপন সূত্ৰৰ পম খেদি ডুমডুমীয়া বজাৰৰ পৰা অবৈধ ভাবে বিক্ৰী কৰিবলৈ অনা ৩ কাৰ্টন বিলাতী সুৰাৰ বটলৰ লগতে এজনক আটক কৰে।
আৰক্ষীয়ে জনোৱা মতে, আটক কৰা লোকজন ৰামপুৰ পামৰ ছাদ্দাম হুছেইন। ছাদ্দাম হুছেইনে বহু দিনৰ পৰাই আৰক্ষীৰ চকুত ধুলি দি অবৈধভাৱে বিলাতী সুৰা কিনি আনি অধিক দামত বিক্ৰী কৰি ৰমৰমীয়া বেপাৰ চলাই আহিছিল।