নগাঁওঃ নগাঁও জিলাৰ নুৰুল আমিন ষ্টেডিয়ামত শুকুৰবাৰে অনুষ্ঠিত হয় আন্তঃ আৰক্ষীচকী ফুটবল প্ৰতিযোগিতা। কামপুৰ থানাত কৰ্মৰত অৱস্থাত বানপানীৰ সময়ত পানীত পৰি মৃত্যু হোৱা এছ আই সমুজ্জল কাকতিৰ স্মৃতিত নগাঁও আৰক্ষীয়ে অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনৰ ফাইনেল খেলখন অনুষ্ঠিত হয় জাজৰি আৰক্ষী আৰু ৰূপহীহাট আৰক্ষীৰ মাজত।

উক্ত খেল খনত ডি আই জি সত্যৰাজ হাজৰিকা, অৰ্জুন বটা প্ৰাপক ডি এছ পি হিমা দাস, নগাঁও আৰক্ষী অধীক্ষক লীনা দলে আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়া সকলৰ লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। নুৰুল আমিন ষ্টেডিয়ামত হিমা দাস উপস্থিত হৈ নষ্টালজিক হৈ পৰে। নুৰুল আমিন ষ্টেডিয়ামতে জীৱনৰ প্ৰথমখন খেলৰ পাতনি মেলিছিল বুলি মন্তব্য কৰিলে খেলুৱৈ হিমা দাসে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply