নিউজ ডেস্কঃ আজি মহাশিৱৰাত্ৰি। শিৱৰাত্ৰিৰ এই পবিত্ৰ দিনটোত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত চলি আছে মহাদেৱৰ পূজা অৰ্চনা।

নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰত শিৱৰাত্ৰি উপলক্ষে পূজা-অৰ্চনা আগবঢ়াবলৈ আহিল ৰাজ্যপাল জগদীশ মুখী।

লগতে পঢ়কঃচতিয়াৰ টেঙাবস্তিত শিৱ মহাপুৰাণ পাঠ

ৰাজ্যপালগৰাকীৰ লগতে পত্নী আৰু পৰিয়ালৰ লোকে আগবঢ়ালে পূজা। ৰাজ্যপালৰ উপস্থিতিৰ বাবেই অঞ্চলজুৰি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।

ৰাজ্যপালৰ উপস্থিতিৰ বাবে সাধাৰণ দৰ্শনাৰ্থীৰ বাবে প্ৰায় একঘণ্টা সময় বন্ধ কৰি দিয়া হৈছিল। ঘৰৰ পৰা লৈ যোৱা পূজা অৰ্চনাৰ সামগ্ৰী ভিতৰলৈ নিব নিদিয়াত ক্ষুণ্ণ হৈ পৰে দৰ্শনাৰ্থীসকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply