নগাঁওঃ জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত যেন অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাতো সাধাৰণ কথাই হৈ পৰিছে। কেতিয়াবা মাৰপিট, কেতিয়াবা শিলাবৰ্ষণ। এই ঘটনা যোৱা কিছুদিনৰ পৰা বাতৰি হৈ আছে।
এইবাৰ অৱশ্যে কোনো উদণ্ড যুৱকে এনে ঘটনা সংঘটিত কৰা নাই। এইবাৰ সুৰাৰ নিচাত মাতাল হৈ ঢলং-ঢপং খোজেৰে আগবাঢ়িছে অসম আৰক্ষীৰ যান-বাহন শাখাৰ কনিষ্টবল।
এই ঘটনা সংঘটিত হৈছে নগাঁৱত। নগাঁৱত জুবিন গাৰ্গ আৰু জুবলিৰ অনুষ্ঠানত সুৰাৰ ৰাগীত মতলীয়া যান-বাহন আৰক্ষীৰ জোৱানৰ ৰূপ দেখি দৰ্শকৰ মাজত হাঁহিৰ ৰোল।
যান-বাহন নিয়ন্ত্ৰন কৰিবলৈ যোৱা ট্ৰেফিক কণিষ্টবলে নিজৰ খোজৰ ওপৰতে হেৰুৱালে নিয়ন্ত্ৰণ। কেৱল ট্ৰেফিক কনিষ্টবল গৰাকীয়ে নহয়, চিআৰপিএফে নিয়ন্ত্ৰণ কৰিবলগীয়া হ’ল বহু কেইগৰাকী সুৰাপান কৰা যুৱককো।