কামপুৰ: নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সুদ খোৰৰ বিৰুদ্ধে অভিযান চলোৱা সময়তে এইবাৰ সুদখোৰৰ তাণ্ডৱ চলোৱাৰ অভিযোগ জিলাখনৰ কচুৱাত।

কচুৱাৰ প্ৰমিলা জাৰণিত আব্দুল জ্বলিল নামৰ এজন যুৱকে একেটা অঞ্চলৰে হনুফা খাতুন নামৰ এগৰাকী মহিলাৰ পৰা তিনি লাখ পঞ্চাছ হাজাৰ টকা সুদত লৈছিল।

মাহে মাহে সুদৰ টকা জ্বলিলে দি আহিছে যদিও এটা মাহ দিব নোৱাৱাত জ্বলিলক হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। বিভিন্ন ধৰনে গালি গালাজ কৰাৰ লগতে ঘৰৰ খিৰীকিৰ আইনাকে ধৰি বিভিন্ন সা সামগ্ৰী ভাঙি তাণ্ডৱ চলোৱাৰ অভিযোগ উঠিছে হনুফাৰ বিৰুদ্ধে।

আনকি সুদখোৰ হনুফাই জলিলৰ মাটি পৰ্যন্তু দখল কৰাৰো চক্ৰান্ত চলোৱা বুলি অভিযোগ আনিছে ভুক্তভোগী গৰাকীয়ে। এই ঘটনাক লৈ আব্দুল জ্বলিলে কচুৱা থানাত এক গোচৰ তৰিছে।

লগতে পঢ়ক- ৰাজস্থানত দুৰ্ঘটনাত পতিত মিগ-২১ বিমান,নিহত উইং কামাণ্ডাৰ হৰচিত সিনহা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply