নগাঁওঃ নগাঁৱৰ কচলুখোৱাত এণ্টি নাৰ্কটিক স্কোৱাডে গুলীয়াই আহত কৰা কীৰ্তি কমল বৰাৰ ঘটনাৰ সৰ্ন্দভত ৰাজ্য চৰকাৰে তদন্ত আৰম্ভ কৰিছে ৷ ২৮ জানুৱাৰীত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে তদন্ত আৰম্ভ কৰিব ৷
শীৰ্ষ বিষয়াজনে নগাঁৱত শুনানি গ্ৰহণ কৰিব ৷ নগাঁৱৰ আবৰ্তভৱনত বিয়লি ২ বজাৰ পৰা এই শুনানি কাৰ্য আৰম্ভ হ’ব ৷ গুলীচালনাৰ প্ৰত্যক্ষদৰ্শী সকলক শুনানিত অংশ ল’বলৈ অনুৰোধ জনোৱা হৈছে ৷ ২ বজাৰ পৰা ৪ বজালৈকে এই শুনানি চলিব ৷
উল্লেখ্য যে, নগাঁও আৰক্ষীৰ এন্টি নাৰ্কটিক স্কোৱাডে ২২ জানুৱাৰীত নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰন সম্পাদক কীৰ্তি কমল বৰাক ভৰিত গুলীয়াই আহত কৰিছিল ৷ বৰ্তমান কীৰ্তি কমল বৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷
নগাওঁ কাণ্ডৰ ভুক্তভোগীৰ নাম কীৰ্তি কমল বৰা যদিও নগাওঁ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা গোচৰটোৰ শুনানি সন্দৰ্ভত জাৰি কৰা জাননীত তেওঁৰ নাম শ্ৰীকৃতিকমল বৰা বুলিহে উল্লেখ কৰা হৈছে। নগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ২৫ জানুৱাৰী ২০২২ত জাৰি কৰা নং-এন.আৰ.ডি ৮/২০২২ জাননীত তেওঁৰ নাম এইদৰে কীৰ্তি কমল বৰাৰ বিপৰীতে কৃতিকমল বৰা হিচাপেহে উল্লেখ কৰা হৈছে।
ঘটনটোৰ তদন্ত ঘোষণা কৰাৰ সময়ত অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বনিয়াই কীৰ্তি কমল বৰাৰ বিৰুদ্ধে জামিন বিহীন ধাৰাত গোচৰ ৰুজু কৰিছে। বিপৰীতে গুলীবৃদ্ধ হোৱা কীৰ্তি কমল বৰাৰ পৰিয়ালেও আৰক্ষী প্ৰদীপ বনিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।