নগাঁওঃ নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে গুলীয়াই আহত কৰা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়ত অভিযুক্ত আৰক্ষী প্ৰদীপ বনিয়াৰ বিৰুদ্ধে ৰুজু হৈছে জামিন বিহীন গোচৰ।
নগাঁও সদৰ থানাত আহত ছাত্ৰ কীৰ্তিকমল বৰাৰ পিতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে নগাঁও সদৰ থানাত জামিনবিহীন ধাৰাত ৰুজু কৰিছে গোচৰ ।
নগাঁও সদৰ আৰক্ষী থানাত ১৩৯/২২নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৬/৩০৭/৫০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছে অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে । আনহাতে, আৰক্ষীৰ গুলীত আহত হোৱা প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ বিৰুদ্ধেও আৰক্ষী প্ৰদীপ বনিয়াই দিয়া এজাহাৰৰ ভিত্তিত ৰুজু হৈ আছে আন এটা গোচৰ।
কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰত জড়িত আটাইকেইজনক ইতিমধ্যেই ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।
নগাঁৱৰ এনকাউণ্টাৰৰ ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা তদন্তৰ প্ৰতিবেদনতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ । এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন কিমান নিৰপেক্ষ হ’ব আয়ুক্ত পৰ্যায়ৰ তদন্ত । অৱশ্যে ঘটনাটোৰ সন্দৰ্ভত সকলোৱে ন্যায়িক তদন্ত বিচাৰিছে । ইয়াৰ মাজতে আৰক্ষীৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ অব্যাহত থকা দেখা গৈছে জিলাখনত।