নগাঁওঃ ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰা নগাঁও এনকাউণ্টাৰৰ ওপৰত আজিৰে পৰা আৰম্ভ হৈছে তদন্ত। এই তদন্তৰ শুনানি গ্ৰহণৰ বাবে নগাঁও আৱৰ্ত ভৱনত শুকুৰবাৰে উপস্থিত হ’ল অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ।

অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত এটা তদন্তকাৰী দলে নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ অভিযুক্ত বিষয়া প্ৰদীপ বনিয়াৰ লগতে জোৱানসকলকো জেৰা চলায়।

লগতে পঢ়কঃবিত্তীয় অৱস্থা ‘ছাৰখাৰ’ পৰিৱহন বিভাগৰ লক্ষ্য ১০০ কোটি

তদন্তকাৰী দলটোৱে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস, নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰো সাক্ষ্যগ্ৰহণ কৰে।২২জানুৱাৰীত এণ্টিনাৰ্কটিক স্কোৱাডে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা জাকিৰ হুছেইনকো জেৰা চলায়।

জাকিৰ হুছেইনক প্ৰহাৰ কৰি থকা অৱস্থাতেই কীৰ্তিকমল বৰাই এণ্টি নাৰ্কটিক স্কোৱাডৰ জোৱানৰ মুখামুখি হৈছিল আৰু তাৰ পিছতেই এই এনকাউণ্টাৰৰ ঘটনাৰ সূত্ৰপাত হৈছিল।

তদন্তকাৰী দলটোৱে কীৰ্তিকমল বৰাৰ পৰিয়ালৰ লগতে প্ৰত্যক্ষদৰ্শীৰো সাক্ষ্য গ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply