নিউজ ডেস্কঃ ভূমি বিবাদক লৈ সৃষ্টি হোৱা সংঘৰ্ষৰ ফলত নগাঁৱৰ এগৰাকী মহিলাক হত্যা কৰা ঘটনা পোহৰলৈ আহিছে। নগাঁৱৰ ইটাপাৰাৰ দুটা পৰিয়ালৰ মাজত এটুকুৰা মাটিক লৈ সৃষ্টি হয় বিবাদ। পাছত এই বিবাদে ইমানেই ভয়ংকৰ ৰূপ ধাৰণ কৰে যে ছফিয়া খাতুন নামৰ এগৰাকী মহিলাক হত্যা কৰা হয়। দুটা পৰিয়ালৰ মাজত ভূমি বিবাদক লৈ হোৱা এই সংঘৰ্ষত আন ১০ গৰাকী লোক গুৰুতৰভাৱে আহত হয়।

উল্লেখ্য যে, শুকুৰবাৰে নিশা সংঘটিত এই সংঘৰ্ষত আহত হৈছে ক্ৰমে- নুৰজামাল, তাইবুৰ ৰহমান, হবিবুৰ ৰহমান, ৰূপছানা খাতুন, ফৈজুন নেহাৰ, হাফিজা খাতুন আৰু ৪টি শিশু। আহত আটাইকেইজনকে নগাঁও বি পি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে, এই মাটিখিনিক লৈ জাকিৰ হুছেইন আৰু আব্দুল ছালামৰ মাজত মুল বিবাদ হৈছিল।

অভিযোগ অনুসৰি, বিবাদৰ সময়ত আব্দুল ছালাম আৰু তেওঁৰ সমৰ্থক কেইজনমানে হাতত চোকা অস্ত্ৰ লৈ প্ৰহাৰ কৰে জাকিৰ হুছেইনৰ পৰিয়ালৰ ওপৰত। ইয়াৰ ফলত জাকিৰ হুছেইনৰ পত্নী ছফিয়া খাতুনৰ ঘটনাস্থলীতে মৃত্যু হয়।

ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰে জড়িত পাঁচ গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। আৰু এই গ্ৰেপ্তাৰ কৰা মহিলা কেইগৰাকীৰ স্বামীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply