কামপুৰঃ নগাঁও জিলাৰ কঠীয়াতলীৰ পশ্চিম কাৱৈমাৰি নাথগাঁও বৰ নামঘৰৰ প্ৰাংগনত ব্যতিক্ৰমী পৰিবেশ। আয়তিৰ উৰুলি ধ্বনিত মুখৰিত নামঘৰ প্ৰাঙ্গন।
মাহ প্ৰসাদ, ভোজ ভাত খাই আনন্দত মতলীয়া সকলো লোক। পশ্চিম কাৱৈমাৰি নাথগাঁৱৰ ৰাইজে একত্ৰিত হৈ সম্পন্ন কৰিলে ৯খন কৈ বিবাহ। বিভিন্ন কাৰনত বিবাহৰ আনুষ্ঠানিকতা নোহোৱা সম্পন্ন নোহোৱা গাওঁ খনৰ বহুকেইগৰাকী যুৱক-যুৱতীক ৰাইজে সকাহ দিবৰ বাবে এনে সুন্দৰ প্ৰদক্ষেপ গ্ৰহণ কৰিছে।
ইফালে দীৰ্ঘদিনৰ পাছত বিবাহৰ সামাজিক স্বীকৃত পোৱাত সুখী হৈ পৰিছে দৰা-কইনা। গাওঁ বাসীৰ এনে সুন্দৰ পদক্ষেপক এতিয়া শলাগ লৈছে অঞ্চল বাসী ৰাইজে।
লগতে পঢ়কঃকমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ প্ৰতিবাদ