নগাঁও:আজি পুৱাৰ ভাগতে নগাঁও আৰক্ষী অধীক্ষকৰ দায়িত্ব এৰিলে আনন্দ মিশ্ৰই।
নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সতীৰ্থক বিদায় জনালে মিশ্ৰই। বিদায়ৰ সময়ত আনন্দ মিশ্ৰও হৈ পৰিল আবেগিক। সকলোকে ভালকৈ থাকিব বুলি কৈ বিদায় বিদায় ল’লে আৰক্ষী বিষয়া গৰাকীয়ে।
বিদায়বেলাত সাংবাদিকক ক’লে ‘নগাঁৱক মই ‘মিছ’ কৰিম’। ইয়াৰ পিছতেই
নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হয় আনন্দ মিশ্ৰ ।
কালি ৰাজ্য চৰকাৰে জৰুৰী ভাবে আনন্দ মিশ্ৰক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰিছিল।
মিশ্ৰৰ বদলিক লৈ নগাৱতো ভিন্ন প্ৰতিক্ৰিয়া অব্যাহত আছে। ড্ৰাগছ নিৰ্মূল কৰাৰ ক্ষেত্ৰত আৰক্ষী বিষয়া গৰাকীয়ে লোৱা ভূমিকাক নগাঁওবাসীয়ে আদৰি লৈছিল।
কীৰ্তিকমল বৰা নামৰ যুৱক জনক গুলীওৱা ঘটনাক ৰাজ্য চৰকাৰে দিয়া তদন্ত আয়োগৰ প্ৰতিবেদনৰ পিছত সংবাদমেল পাতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে আনন্দ মিশ্ৰৰ বদলি আৰু তলব কৰাটো অৱশ্যম্ভাৱী হৈ উঠিছিল৷ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে চলোৱা অভিযান প্ৰশংসনীয় আছিল বাবেই মুখ্যমন্ত্ৰীয়ে দিয়া তদন্ত আয়োগৰ প্ৰতিবেদনক লৈ অসন্তুষ্টি ৰাজহুৱা কৰাটোৱেই কাল হ’ল আৰক্ষী বিষয়াজনৰ বাবে৷
দায়িত্বশীল এগৰাকী বিষয়াই কিছুমান বিভাগীয় নীতি-নিৰ্দেশনাৰ মাজেৰে নিজৰ বাক্-স্বাধীনতা বা মৌলিক অধিকাৰ সাব্যস্ত কৰাৰ প্ৰয়োজন আছিল যিটো সমূৰ্ণ ৰূপে উলংঘা কৰা দেখা গ’ল।
আৰক্ষীৰ ভুৱা এনকাউণ্টাৰ সদায় অন্যায়মূলক, আইনৰ শাসনৰ পৰিপন্থী। কীৰ্তি কমল বৰাৰ গুলি চালনাৰ ঘটনাত তদন্ত আয়োগে এই কথা প্ৰমাণ কৰিলে। আৰক্ষী অধীক্ষক গৰাকীয়ে কীৰ্তি কমল বৰাক গুলি চালনাৰ ঘটনাক বৈধতা প্ৰদানৰ ক্ষেত্ৰত কুটিল ষড়যন্ত্ৰ চলোৱাৰ যি চেষ্টা মুকলি ভাবে কৰি আছিল তাত ব্যৰ্থ হ’ল।
লগতে পঢ়ক_ পঞ্জাব বিধানসভা নিৰ্বাচনত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হ’ব অসম আৰক্ষীৰ এটা দল