মোবাইল ফোনৰ উজান

নগাঁও: এটা দুটা নহয়। শতাধিক মোবাইল ফোনৰ উজান উঠিছে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী থানাত। এক গোপন খবৰৰ ভিত্তিত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে হয়বৰগাঁও হাইস্কুলৰ সমীপৰ এটা ভাড়া ঘৰত অভিযান চলাই শতাধিক মোবাইল ফোন জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে দুটা গভাইত চোৰক।

আটকাধীন দুই চোৰৰ নাম ৰাজ কুমাৰ নুনীয়া আৰু চনু কুমাৰ নুনীয়া। উলেখ্য যে দুই চোৰে আৰক্ষী বিষয়া তৰংগ পাটোৱাৰীক গ্ৰেপ্তাৰ নকৰিবলৈ ২লাখ টকাৰ উৎকোচ দিছিল। ২ টকাৰ পৰিৱৰ্তে গ্ৰেপ্তাৰ কৰিলে ঝাৰখণ্ডৰ দুই চোৰক।

আৰক্ষীৰ জেৰাত চনু আৰু ৰাজে বিগত পাচ মাহত এই মবাইল সমূহ চোৰ কৰা বুলি স্বীকাৰ কৰে৷ মবাইল চুৰিত শিশুকো জড়িত কৰা বুলি অকপত স্বীকাৰোক্তি দিছে চুৰ দুটাই৷ পাঁচ মাহৰ পূৰ্বে ঝাৰখণ্ডৰ চাহিবগঞ্জৰ টিনপাহাৰৰ চনু কুমাৰ নুনিয়া আৰু ৰাজ কুমাৰ নুনিয়া নগাঁৱলৈ আহি ঘৰ ভাড়ালৈ লৈ চহৰখনত মবাইল চুৰি কৰি আহিছিল৷

নগাঁৱত পৰা মবাইল চুৰি নি দীৰ্ঘদিন ধৰি ডিমাপুৰত বিক্ৰি কৰি আহিছিল ধৃত চুৰ দুটাই নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীলৈ আহক৷ এই আহ্বান কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই৷ শনিবাৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এক সংবাদ মেল অনুষ্ঠিত কৰি নগাঁৱৰ লোকক এই আহ্বান জনাইছে৷ চুৰি হোৱা মবাইলটো বা হেৰুৱা মবাইলটো আপুনি পুনৰ ঘূৰাই পাব। আৰক্ষী চকীৰ পৰা বিচাৰি নিব পাৰিব আপুনি আপোনাৰ ফোনটো৷

লগতে পঢ়ক-মহানগৰী গুৱাহাটীত পুনৰ নৃশংস হত্যাকাণ্ড

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply