নিউজ ডেস্কঃ নগাঁৱত বুধবাৰৰ পুৱা প্ৰায় ৮.৩০ বজাত সু-অভিনেতা, অনাতাৰ শিল্পী নৰেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ দেহাৱসান ঘটে। নগাঁৱৰ মাধৱদেৱ পথত থকা বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে ভট্টাচাৰ্যই।

জানিব পৰা মতে, মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। তেওঁৰ মৃত্যুৰ খবৰ পায়ে নগাঁওস্থিত বাসগৃহটোত সমাবেশ ঘটিছে অগণন লোকৰ। উল্লেখ্য যে, নৰেন্দ্ৰ নাথ ভট্টাচাৰ্য সুগন্ধী পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ ভাতৃ আছিল।

প্ৰথম শিক্ষকতা হিচাপে কৰ্মজীৱন আৰম্ভ কৰা নৰেন্দ্ৰ নাথ ভট্টাচাৰ্যই পাছলৈ অনাতাৰ শিল্পী হিচাপে কাম কৰিছিল। অসমীয়া বোলছবি, ধাৰাবাহিক আদিতো অভিনয় কৰিছিল তেওঁ। মৃত্যুৰ সময়ত সু-অভিনেতাগৰাকীয়ে এৰি থৈ যায় পত্নী আৰু পুত্ৰক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply