গুৱাহাটী : ধন মোকলাই দিয়াৰ আহ্বান নগাঁও কাগজ কল ঠিকাদাৰ সন্থাৰ। কাগজ কল বন্ধ হৈ পৰাত আৰ্থিক সংকটত পৰিছে কাগজ কলৰ ঠিকাদাৰ সকলৰ লগতে এই ঠিকাদাৰ সকলৰ অধীনত কাম কৰা কৰ্মচাৰী সকল। কাগজ কলত বিভিন্ন ঠিকাৰ লগত জড়িত ঠিকাদাৰ সকল পাব লগীয়া আছে প্ৰায় ৭০০ কোটি টকা।

শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাগজ কলৰ কৰ্মচাৰী সকলৰ লগত এক আলোচনাত মিলিত হৈ কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ বাবে আগুৱাই আহিছে। মুখ্যমন্ত্ৰীয়ে কাগজ কলৰ কৰ্মচাৰী সকলৰ বাবে ৫৭০ কোটি টকাৰ সাহায্য ঘোষণা কৰিছে। দীর্ঘদিন ধৰি ধৰি আৰ্থিক সমস্যাৰে যুঁজি থকা কাগজ কলৰ কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ দিশত।

মুখ্যমন্ত্ৰীয়ে কাগজ কলৰ কৰ্মচাৰী সকলৰ বাবে আৰ্থিক সাহায্য ঘোষণা কৰাৰ পিছত এইবাৰ কাগজ কলৰ ঠিকাদাৰ সকলে তেওঁলোকৰ প্ৰাপ্য বিচাৰি চৰকাৰক আহ্বান জনাইছে। নগাঁও কাগজ কলৰ কৰ্মচাৰী সকলে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাত মিলিত হৈ তেওঁলোকৰ প্ৰাপ্যখিনি প্ৰদান কৰাৰ ব্যৱস্থা কৰি ইয়াৰ বাবে ঠিকাদাৰ সকলে চৰকাৰক আহ্বান জনাইছে।

বিগত প্ৰায় পাঁচ বছৰ ধৰি বন্ধ হৈ থকা কাগজ কলৰ ঠিকাদাৰ সকল যোৱা ২০১৬ চনৰে পৰা তেওঁলোকৰ ধন লাভ কৰা নাই। কাগজ কল ঠিকাদাৰ সন্থাই সন্থাৰ সদস্য সকলে জানিবলৈ দিয়ে যে কাগজ কলত বিভিন্ন ঠিকাৰ লগত জড়িত ঠিকাদাৰ সকলে প্ৰায় ৭০০ কোটি টকা পাব লগীয়া আছে।

লগতে পঢ়ক-ৰাজকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

কাগজ কল বন্ধ হৈ পৰাত এই ঠিকাদাৰ সকলে তেওঁলোৰ প্ৰাপ্যৰ ধন লাভ নকৰাত তেওঁলোকৰ আৰ্থিক অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে। ঠিকাদাৰ সকলৰ অধীনত কাম কৰা কৰ্মচাৰী সকলো অৱস্থা পানীত হাঁহ নচৰা। উল্লেখ্য যে কাগজ কল বন্ধ হৈ পৰাত বাঁহ খেতিয়ক সকলৰ লগতে ইয়াৰ লগত জড়িত প্ৰায় ২ লাখ লোক প্ৰভাৱিত হৈছে বুলিও জানিবলৈ দিয়ে সন্থাটোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,346 other subscribers

Leave a comment

Leave a Reply