নগাঁও আৰু কাছাৰ কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত ।
দুয়োটা কাগজ কলৰ কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ সাহায্য পেকেজ।
দুমাহৰ ভিতৰত প্ৰাপ্য ধন লাভ কৰিব কৰ্মচাৰীয়ে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কাগজ কলৰ কৰ্মচাৰী সংস্থা সহমতত উপনীত হোৱাৰ পিছতে ৫৭০ কোটি টকীয়া সাহায্য পেকেজত চূড়ান্ত মোহৰ।
প্ৰ’ভিডেন্ট ফান্ড, গ্ৰেছুইটি, পেন্সনৰ ধন সম্পূৰ্ণ ৰূপে কৰ্মচাৰীসকলে পাব ।
কাগজকল কেইটাৰ ১০০ যুবক যুৱতী কৰ্মচাৰীক দিব চৰকাৰী চাকৰি ।
৫৮ বছৰৰ সকলো কৰ্মচাৰীয়ে পাব পেঞ্চন।
HPCৰ কৰ্মচাৰীয়ে পাব সম্পূৰ্ণ দৰমহা।
HPCৰ ঘৰ খালী কৰি দিলেহে পাব সকলো সুবিধা।
ঘৰ খালী কৰাৰ বাবে এমাহৰ অতিৰিক্ত সময়।
কৰ্মচাৰীয়ে আগৰে পৰা কৈ আহিছে প্ৰথমে দিয়ক তাৰ পিছতহে ঘৰ খালী কৰিব ।
সমস্যা সমাধানৰ দিশে নগাঁও-কাছাৰ কাগজকলৰ।
কৰ্মচাৰীয়ে দুমাহৰ ভিতৰত লাভ কৰিব প্রাপ্য ধন।
লগতে পঢ়ক-উৎকোচৰ বাবেই নগাঁও কাৰাগাৰৰ ফাৰ্মাচিষ্টক গ্ৰেপ্তাৰ
মুখ্যমন্ত্ৰীৰ সৈতে দুয়োটা কাগজ কলৰ বিষয়া কৰ্মচাৰীয়ে নিশা ২ বজালৈকে কৰা আলোচনাৰ অন্তত এই সিদ্ধান্তত উপনীত হোৱা কথা টুইট যোগে অবগত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰীয়ে ধেমাজী হ’বলগা কেবিনেটত এই সম্পৰ্কে সকলো কথা আলোচনা কৰি ৰাইজক অবগত কৰিব।কাগজ কল আৰু নচলাই বুলি মন্তব্য কৰি ভবিষ্যতে সেই স্থানত বেলেগ উদ্যোগ গঢ় দিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।