নগাঁওঃ নগাঁৱৰ ম’হখুলিৰ নৱ-নিৰ্মিত মেডিকেল কলেজত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা।
অশোক ছেত্ৰী নামৰ এজন যুৱকৰ পৰা উদ্ধাৰ এটা গুলী, জন্তুৰ দাঁত আৰু মাংস লাগি থকা এডাল হাড়।
জানিব পৰা মতে, যুৱকজনে বৃহস্পতিবাৰে নিশা মেডিকেল কলেজ খনৰ গেটেৰে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰি দেৱাল পাৰ হব খুজোঁতেই কামাখ্যা শইকীয়া নামৰ ব্যক্তিয়ে পাছফালৰ পৰা যুৱক জনক কৰায়ত্ত কৰে। ইফালে যুৱক জনে কোৱা নামৰ লগত পৰিচয় পত্ৰত থকা নামৰ কোনো মিল নাছিল। যুৱক জনৰ উপৰত সন্দেহ উপজাত তালাচী কৰাত যুৱক জনৰ পৰা এটা গুলী, এটা জন্তুৰ দাঁত আৰু মাংস লাগি থকা এডাল হাড় উদ্ধাৰ হয়। উদ্ধাৰ হোৱা গুলীটো এ কে ৪৭ৰ বুলি সন্দেহ কৰা হৈছে।
যুৱক জনক গছত বান্ধি ব্যক্তিজনে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ যুৱক জনক আটক কৰে।