নগাঁওঃ পুনৰ নগাঁৱৰ মেট্ৰো হস্পিতালত উত্তপ্ত পৰিস্থিতি। এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত তীব্ৰ উত্তেজনা ।
চাৰিদিন পূৰ্বে চিকিৎসালয়খনত ভৰ্তি কৰা হৈছিল জুৰীয়াৰ শালপাৰাৰ পাৰবিন চুলতানা নামৰ মহিলাগৰাকীক। আছিক ইকবাল নামৰ চিকিৎসকগৰাকীয়ে চিকিৎসা কৰি আছিল ৰোগীগৰাকীক।
বৃহস্পতিবাৰে হঠাতে চিকিৎসালয়খনতে মৃত্যু হয় মহিলাগৰাকীৰ। চিকিৎসকৰ ভুলৰ বাবেই মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। ব্যক্তিগত চিকিৎসালয়খন বন্ধ কৰাৰ দাবী জনাইছে মৃত মহিলাগৰাকীৰ পৰিয়ালে।