নগাঁৱ তেল ডিপোৰ আজৱ কাণ্ড

নগাঁও: নগাঁৱৰ জাজৰিৰ এটা তেল ডিপোত যোৱা নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে ডেকা উপাধিৰ ন-মাটি গাঁৱৰ এজন যুৱকে জাজৰিৰ ইণ্ডিয়ান অইলৰ তেল ডিপোত সোমবাৰে সন্ধ্যা নগদ ১৮০০ টকাৰ পেট্ৰল নিজৰ ছুইফট ডিজায়াৰ বাহন খনত ভৰাই ঘৰমুৱা হয়।

পিছে ২কিলোমিটাৰ চলাৰ পিছতে হঠাৎ তেঁওৰ বাহনখন অচল হৈ পৰে। লগে লগে যুৱকজনে এগৰাকী মটৰ মেকানিকক খবৰ দিয়াত তেঁও গাড়ীখন পৰীক্ষা কৰি দেখে যে যুৱকজনৰ বাহনখনৰ তেলৰ টেংকীত পেট্ৰলৰ সলনি পানী ভৰোৱাৰ পিছতে বাহনখন বিকল হৈ পৰিছে।

এই খবৰ বিয়পি পৰাৰ লগে লগে হাতীচোঙৰ কেইবাগৰাকীও যুৱকে পেট্ৰল ডিপোত গৈ এই বিষয়ে আপত্তি দৰ্শোৱাত উলোটাই তেল ডিপোৰ মালিকে তেঁওলোকক দুৰ্ব্যৱহাৰ কৰি উভতাই পঠায়। ইয়াৰ পিছতে পেট্ৰল ডিপোটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

জানিবপৰা মতে, পেট্ৰল ডিপোটোৰ ৰিজাৰ্ভাৰত পানী সোমোৱাৰ বাবে দেওবাৰে ডিপোটো বন্ধ কৰি থ’ব লগা হৈছিল। কিন্তু ৰিজাৰ্ভাৰ চাফা নকৰাকৈয়ে পুনৰ তেঁওলোকে ডিপোটোত গ্ৰাহকক তেল বিক্ৰী কৰাৰ ফলতেই এই ঘটনা সংঘটিত হৈছে। এইক্ষেত্ৰত হাতীচোং, ন-মাটি আদি অঞ্চলৰ ৰাইজে ডিপোটোৰ মালিক কৰ্তৃপক্ষৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে।

লগতে পঢ়ক- গোৰেশ্বৰত নিম্ন মানৰ নেটৱৰ্কৰ বাবে জীয়াতু ভুগিছে অঞ্চলবাসী ৰাইজে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply