কামপুৰঃ নগাঁৱৰ কচুৱাৰ খেৰণিত সূলভ মুল্যৰ বিপনী সমূহৰ জৰিয়তে হিতাধিকাৰী সকলৰ মাজত বিতৰণ কৰা চৰকাৰী চাউলক কেন্দ্ৰ কৰি সম্প্ৰতি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য।

বিষ্ণুপুৰ সমবায় সমিতিৰ অধীনত সূলভ মুল্যৰ বিপনী সমূহে বিতৰণ কৰা চৰকাৰী চাউলৰ মাজত প্লাষ্টিকৰ চাউল সদৃশ নকল চাউল মিহলিহৈ অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আৰু পঢ়কঃভাৰত-ভূটান সীমান্তত ট্ৰান্সপৰ্ট স্থাপনক লৈ সংঘাত

উল্লেখ্য যে, সমবায় সমিতি খনে বৃহত্তৰ কচুৱা অঞ্চলত সূলভ মুল্যৰ বিপনীৰ জৰিয়তে প্ৰত্যেক হিতাধিকাৰীকে পাঁচ কে.জি.কৈ চাউল বিতৰণ কৰিছিল ।

যোগান বিভাগে প্ৰদান কৰা এই আসোঁৱাহযুক্ত চৰকাৰী চাউলক সমূহকলৈ এতিয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অতি শীৰ্ঘ্ৰেই ভুক্তভূগী ৰাইজে ইয়াৰ উচিত তদন্তৰ দাবী জনাইছে যোগান বিভাগক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply