নগাঁও : জামিনত ওলাই আকৌ আৰম্ভ ড্ৰাগছৰ ব্যৱসায়। পুনৰ ড্ৰাগছৰ ব্যৱসায় চলাই জামিনত জেলৰ পৰা ওলাই অহা ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ। অসামৰিক পোচাকত আৰক্ষীৰ অভিযান।
ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ইতিমধ্যে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে বহু ড্ৰাগছ ব্যৱসায়ীক। ইয়াৰ মাজতে একাংশ ড্ৰাগছ ব্যৱসায়ী জামিনত ওলাই আহি পুনৰ আৰম্ভ কৰিছে ড্ৰাগছৰ অবৈধ বেহা।
বৃহস্পতিবাৰে নগাঁও আৰক্ষীৰ এটা দলে অসামৰিক পোচাকত অভিযান চলাই জামিনত জেলৰ পৰা ওলাই অহা নাছিম আখতৰক গ্ৰেপ্তাৰ কৰে। ড্ৰাগছ ব্যৱসায়ী নাছিম আখতৰ কিছুদিন পূৰ্বে জামিনত জেলৰ পৰা ওলাই আহিছিল।
লগতে পঢ়ক : গৰুখুটি উচ্ছেদ অভিযান : চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত নগাঁও চহৰৰ আমিনপট্টিত অভিযান চলাইছিল। আৰক্ষীৰ অভিযানত দুগৰাকী মহিলাসহ মুঠ পাঁচজন লোক ধৰা পৰে। ইয়াৰে নাছিম আখতৰ পূৰ্বেও ড্ৰাগছৰ ব্যৱসায় কৰি গ্ৰেপ্তাৰ হৈছিল।