নিউজ ডেস্কঃ আজি দিনৰ ভাগত ভুৱা মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত ফাদিল কৰা ছাত্ৰক আটক নগাঁও আৰক্ষীৰ।
এডিট কৰি ভাইৰেল কৰা মাচুম আলীক নগাঁও আৰক্ষীয়ে ননৈ পোটনি গাঁৱৰ পৰা আটক কৰিছে।
মাচুম আলীও এগৰাকী মেট্ৰিকৰ পৰীক্ষাৰ্থী।
জানিব পৰা অনুসৰি, WhatsApp ত ২২৫জনীয়া গ্ৰুপ খুলি মাচুমে নিজেই এডিট কৰি ভাইৰেল কৰিছিল ভুৱা প্ৰশ্নকাকত।
ভূগোলৰ ভুৱা প্ৰশ্নকাকত নগাঁৱৰ দলংঘাটৰ দুই ছাত্ৰীকো দিছিল মাচুম আলীয়ে।
ইতিমধ্যে মাচুম আলীৰ বিৰুদ্ধে নগাঁৱৰ বিদ্যালয় পৰিদৰ্শকে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে।
লগতে পঢ়ক – ফাদিল হোৱা নাই মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত