নগাঁও ইটাচলী আৰক্ষী চকীৰ নাতিদূৰতে চলি আহিছিল ৰমৰমীয়া ড্ৰাগছৰ বেহা ৷ আৰক্ষীৰ অভিযানত উৎখাত হ’ল এই দীৰ্ঘ দিনে চলি অহা ড্ৰাগছৰ ঘাটি ৷
নগাঁৱৰ ডছন হাইস্কুলৰ খেলপথাৰৰ সমীপৰ এটা বাসগৃহ আৰু টাউন তেলীয়াগাঁওৰো এটা বাসগৃহত এন্টি নাৰক’টিক স্বাদৰ দলে অভিযান চলাই দুয়োটা বাসগৃহৰ এন্টি নাৰক’টিক স্বাদৰ দলে বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে সীমা বৰা ওৰফে ৰুমী আৰু পিংকি বৰা ওৰফে পৰীস্মিতাক।
আটকাধীন ধৃত মহিলা সীমা বৰা আৰু পিংকি বৰা সম্পৰ্কত শাহু বোৱাৰী। আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিনৰ পৰা সীমায়ে নগাঁৱত চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায়। উলেখ্য যে সীমা বৰাৰ পুত্ৰ আৰু পিংকি বৰাৰ স্বামী ড্ৰাগছৰ গোচৰত কাৰাবাসত আছে।
আনহাতে নগাঁৱত বিকাশ নামৰ এই ড্ৰাগছ ব্যৱসায়ীটোয়ে কলেজীয়া ছাত্ৰক পিষ্টলেৰে ভয় ভাবুকি প্ৰদান কৰি ছাত্ৰক ড্ৰাগছ ব্যৱসায়ত জড়িত কৰে বুলি ভয়ংকৰ স্বীকাৰউক্তি কৰে এজন ড্ৰাগছ ব্যৱসায়ী ছাত্ৰয়ে।
ছাত্ৰ জনৰ পৰাও ইটাচালি আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ হেৰ’ইন। ইতিমধ্যে ইটাচালি আৰক্ষীয়ে ছাত্ৰকেইজনৰ লগতে বিকাশক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
বিকাশে একাংশ ছাত্ৰক ড্ৰাগছ বিক্ৰিৰ কামত নিয়োজিত কৰি ব্যৱসায় চলাই আহিছিল ৷ ধৃত এজন ছাত্ৰই বিকাশে মাৰানাস্ত্ৰৰ ভাবুকিৰে ড্ৰাগছ বেছিবলৈ বাধ্য কৰিছিল বুলি আৰক্ষীক স্বীকাৰোক্তি দিছে ৷
আৰক্ষীয়ে চাৰিজন ছাত্ৰক আটক কৰিছে ৷ এই চক্ৰটোৰ জিম্মাৰ পৰা আৰক্ষীয়ে ২১ লাখ টকাৰ হেৰ’ইন জব্দ কৰাৰ লগতে নগদ ধনো জব্দ কৰে ৷
লগতে পঢ়ক- ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন লতা মংগেশকাৰ