নগাঁও : নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰী স্বামী-স্ত্ৰী গ্ৰেপ্তাৰ। আৰক্ষীৰ অভিযানত দেওবাৰে নিশা জালত পৰে নগাঁৱৰ ড্ৰাগছ সৰবৰাহকাৰী স্বামী-স্ত্ৰী। দীর্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছিল ছফিকুল ইছলাম আৰু হাছিনা য়াছমীন।
নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে জিলাখনত ড্ৰাগছ বিৰোধী অভিযান। জিলাখনৰ বিভিন্ন প্ৰান্তত নগাঁও আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰি আছে ড্ৰাগছ সৰবৰাহকাৰী সকলক। এইবাৰ নগাঁও আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী স্বামী-স্ত্ৰী।
দেওবাৰে নিশাৰ ভাগত নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ছফিকুল ইছলাম আৰু হাছিনা য়াছমীন নামৰ ড্ৰাগছ সৰবৰাহকাৰী স্বামী-স্ত্ৰীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী স্বামী-স্ত্ৰীৰ কবলৰ পৰা বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ কৰে।
লগতে পঢ়ক : মানৰ দ্বিতীয় আক্ৰমনৰ ইতিহাস বিজড়িত এটি ঘৰ পৰিদৰ্শন বিধায়ক পৰমানন্দ ৰাজবংশীৰ
নগাঁও চহৰৰ কাটিমাৰীস্থিত ছফিকুল ইছলাম আৰু হাছিনা য়াছমীনৰ ঘৰত আৰক্ষীয়ে অভিযান চলায়। উল্লেখ্য যে ছফিকুল ইছলাম আৰু হাছিনা য়াছমীনে দীর্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ সৰবৰাহ কৰি আছিল। আৰক্ষীয়ে জব্দ কৰা ব্ৰাউন ছুগাৰখিনিৰ বজাৰ মূল্য তিনি লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।