নগাঁওঃ মাত্ৰ এমাহৰ ভিতৰতে দুৰ্নীতিৰ অভিযোগত তিনিজনকৈ আৰক্ষী বিষয়া নিলম্বিত হোৱাৰ পিছতো স্তব্ধ হোৱা নাই নগাঁও আৰক্ষীৰ দুৰ্নীতি। শেহতীয়াকৈ পুনৰ নগাঁও আৰক্ষীৰ এগৰাকী কণিষ্টবলে ধৰ্ষণৰ গোচৰত ৫০হাজাৰ টকা উৎকোচ বিচৰা অডিঅ’ ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে নগাঁৱত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ৰাজু আলী হাজৰিকা নামৰ এজন যুৱকৰ বিৰুদ্ধে তেওঁৰ প্ৰেয়সীৰ পিতৃয়ে ভুৱা ধৰ্ষণৰ গোচৰ দাখিল কৰিছিল। এই ধৰ্ষণৰ গোচৰ পঞ্জীয়ন নকৰাৰ বাবদ নগাঁৱৰ টাউন ইটাচালী আৰক্ষী চকীৰ কণিষ্টবল ৰেব লস্কৰে কৰা অডিঅ’ ৰেকৰ্ডিং সৰ্বত্ৰে ভাইৰেল হৈছে। ধৰ্ষণৰ গোচৰ নিষ্পত্তিৰ বাবে ১লাখ টকা আৰক্ষীয়ে লয় যদিও ৰাজুক ৫০হাজাৰ টকা ৰেহাই প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছিল ৰেৱ লস্কৰে। ইপিনে উৎকোচৰ ধনৰ ভাগ আৰক্ষী অধ্যক্ষকো দিব লাগে বুলি মন্তব্য কৰিছিল দুৰ্নীতিগ্ৰস্ত আৰক্ষী জোৱানজনে।