নগাঁওঃ ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান গঢ়ি তুলিছে।

অসমৰ আটাইকেইখন জিলাৰ ভিতৰত ড্ৰাগছৰ ঘাটি হিচাপে পৰিণত হৈছে নগাঁও জিলা।

উত্তৰ-পূব ভাৰতৰ ড্ৰাগছৰ ক’লা সাম্ৰাজ্যত নগাঁও অতি গুৰুত্বপূৰ্ণ। কাৰণ ড্ৰাগছৰ মূল ঘাটি ডিমাপুৰৰ পৰা প্ৰথম নগাঁৱলৈ ড্ৰাগছ সৰবৰাহ হয় আৰু নগাঁৱৰ পৰা বিভিন্ন ঠাইলৈ চালান দিয়া হয়।

জিলাখনত আৰক্ষীয়ে নিতৌ অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে বহু কুখ্যাত ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ কৰিছে।

আৰু পঢ়কঃশিৱসাগৰত আটক কৰি এৰি দিয়া জিম্পীক আকৌ ড্ৰাগছসহ আটক

দেওবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত আৰক্ষীৰ গুলীত আহত হয় এটা ড্ৰাগছ সৰবৰাহকাৰী।

এক গোপন সূত্ৰৰ ভিত্তিত জুৰীয়াৰ বেপাৰীবস্তিৰ কদমণী পথত আৰক্ষীয়ে চলাইছিল অভিযান।

আৰক্ষীৰ উপস্থিতি জানিব পাৰি ড্ৰাগছ ব্যৱসায়ী জয়দুল কবিৰে আৰক্ষীলৈ গুলীচালনা কৰি পলাবলৈ চেষ্টা কৰে।

আৰক্ষীয়েও গুলীচালনা কৰাত গুলীবিদ্ধ হয় ড্ৰাগছ মাফিয়া জয়দুল কবিৰ।

আৰক্ষীয়ে ড্ৰাগছ মাফিয়াটোৰ পৰা জব্দ কৰে এটা পিষ্টল, বহু পৰিমাণৰ ড্ৰাগছ।

জানিব পৰা মতে,দীৰ্ঘদিন ধৰি জুৰীয়াৰ বিভিন্ন অঞ্চলত জয়দুলে ড্ৰাগছ সৰবৰাহ কৰি আহিছে।

বিভিন্ন অসামাজিক কাম-কাজতো লিপ্ত আছিল জয়দুল। অৱশেষত আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোক আটক কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply