নগাঁওঃ সঁচাইকৈয়ে যেন পৰিৱৰ্তন হৈছে দেশৰ! কিয়নো এগৰাকী আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে বনকৰা মহিলাৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই আজৱ ঘটনা সংঘটিত হৈছে নগাঁৱত।
বনকৰা মহিলাৰ ১ লাখ টকা আত্মসাৎ কৰি ৰফিকুল ইছলাম নামৰ আৰক্ষী জোৱানে কোকৰাঝাৰলৈ পলায়ণ কৰাৰ অভিযোগ উত্থাপন কৰিছে খাইৰুণ নেছা নামৰ এগৰাকী মহিলাই। নগাঁও আৰক্ষী ছাউনীৰ বিভিন্ন আৰক্ষীৰ ঘৰত কাম কৰি পৰিয়াল পোহপাল দিয়া মহিলাগৰাকীৰ পৰা ১লাখ টকা ভাৰতীয় ষ্টেট বেংকত ফিক্স ডিপ’জিট কৰাৰ নামত আত্মসাৎ কৰাৰ অভিযোগ তুলি খাইৰুণ নেছাই ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানাত গোচৰ তৰিছে।
নিজৰ জমা ধনখিনি ঘূৰাই বিচৰা মহিলা গৰাকীয়ে কয়- ”মই আৰক্ষীৰ কাপোৰ ধূই টকা গোটাই বেংকত জমা কৰিছিলো। কিন্তু সি মোৰ টকা কেইটা লৈ পলাই গ’ল।” ইফালে, মাতৃৰ ধনখিনি ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে নগাঁও আৰু কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকক আহ্বান জনাই মহিলাগৰাকীৰ কন্যা আজমিৰা বেগমে।
উল্লেখযোগ্য যে, সাধাৰণতে বনকৰা মহিলাৰ বিৰুদ্ধে সততে মালিকৰ ধন বনকৰা মানুহে চুৰি কৰাৰ অভিযোগ উত্থাপিত হয়। কিন্তু এইবাৰ বনকৰা মহিলাৰ ধন আত্নসাৎ কৰি মালিকে পলায়ণ কৰা কাৰ্যই নগাঁৱত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।